Psalms 101

দায়ুদৰ ৰচিত গীত।

1মই দয়া আৰু ন্যায়বিচাৰৰ গীত গাম;
হে যিহোৱা, মই তোমাৰ উদ্দেশ্যে প্ৰশংসাৰ গান গাম।

2মই সিদ্ধ পথত চলিবলৈ মনোযোগ দিম;

তুমি কেতিয়া মোৰ ওচৰলৈ আহিবা?
মোৰ ঘৰৰ ভিতৰত মই হৃদয়ৰ সিদ্ধতাত চলিম।
3মই জঘন্য কোনো বিষয়কে মোৰ চকুৰ আগত নাৰাখিম;
বিপথে যোৱা লোকসকলৰ কার্যক মই ঘিণ কৰোঁ,
সেইবোৰে মোক খামুচি ধৰিব নোৱাৰিব।

4কুটিল অন্তঃকৰণ মোৰ পৰা দূৰ হ’ব;

দুষ্টতাৰ লগত মোৰ সম্পৰ্ক নাথাকিব।
5যি জনে গোপনে চুবুৰীয়াৰ অপবাদ চৰ্চ্চে,
তেওঁক মই উচ্ছন্ন কৰিম;
গর্বিত দৃষ্টি আৰু অহঙ্কাৰী মনৰ লোকক মই সহ্য নকৰিম।
6দেশৰ বিশ্বাসী লোকসকলৰ ওপৰত মোৰ কৃপা দৃষ্টি থাকিব;
তেওঁলোকে মোৰ সৈতে বাস কৰিব।
যিজন সিদ্ধ পথত চলে, তেওঁ মোৰ পৰিচাৰক হ’ব।

7ছলনাকাৰীসকল মোৰ গৃহৰ ভিতৰত বাস কৰিব নোৱাৰিব;

মিথ্যাবাদীসকল মোৰ চকুৰ আগত থিৰে থাকিব নোৱাৰিব।
প্রতি ৰাতিপুৱাতে সকলো দুষ্ট লোকক মই বিনষ্ট কৰিম;
যিহোৱাৰ নগৰৰ পৰা সকলো অধর্মচাৰীকে উচ্ছন্ন কৰিম।
8

Copyright information for AsmULB